Friday, 27 July 2018

ভগৱান - প্ৰাগজ্যোতিষ থিয়েটাৰ ২০১৮-১৯ [ Bhagawan- Pragjyotish Theatre 2018-19 ]


যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভাৰত।
অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহম্॥ 
পৰিত্রাণায় সাধুনাং বিনাশয় চ দুষ্কৃতাং।
ধর্মসংস্থাপনার্থায় সম্ভবামি যুগে যুগে॥


চৌদিশ এন্ধাৰ মানৱৰ হাহাকাৰ
চৌদিশ এন্ধাৰ মানৱৰ হাহাকাৰ
দানৱৰ মাতাল হাঁহি
চিন্তা- চেতনা আৰু মানৱতা
আবেগত গ’ল উটি ভাঁহি
অসহায়... নিৰূপায়
যেন মই নিষ্প্ৰাণ
আল্লা ঈশ্বৰ... অঁ মই ভগৱান
মই ভগবান, কিয় মই ভগৱান
মই ভগবান, কিয় মই ভগৱান

( Music )

চকুলো সেমেকিছে উদং পথাৰ
কৃষকৰ তেজ ঘামত নাই অৰ্থ
শ্ৰমিকৰ ভোকবোৰৰ নাই ঠিকনা
জাত-পাতকে লৈ মহাৰাজ ব্যস্ত
ঘোষকৰ কত যে কিমান নাম
ৰাইজৰ বাবে হেনো তেৰাই ভগৱান
মই ভগবান, কিয় মই ভগৱান
মই ভগবান, কিয় মই ভগৱান

( Music )

ৰাজধানীত এতিয়া কাৰবালাৰহে জিত
ঠিক কৰে ক’ত মই মন্দিৰ নে মছজিদ
মদিৰাৰ নিচাৰে লিখে মোৰ ঠিকনা
থৰ হৈ চাই থাকে আজিৰ মহাত্মা
আল্লা ঈশ্বৰ কি হ’ব মোৰ নাম
ঠিক কৰে সিঁহতে যদিও
ময়েই ভগৱান...
মই ভগবান, কিয় মই ভগৱান
মই ভগবান, কিয় মই ভগৱান


No comments:

Post a Comment