Monday, 2 December 2019

ৰাতি ৰাতি (ৰত্নাকৰ) - Rati Rati by Zubeen Garg


ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাবি তোমালেই লৰ মাৰে
নাজানো ক’ত তুমি থাকা
নাজানা মই ক’ত থাকো
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত

ৰাতি ৰাতি...

(Music)

নিথৰ ৰাতি তোমাৰ বুকুৰ
শব্দ শুনো মই
তুমি চাগে এনেকুৱাই
এন্ধাৰ ৰাতি জোনাক পথত
খোজে খোজে মই
তুমি চাগে এনেকুৱাই
নাজানো ক’ত তুমি থাকা
নাজানা মই ক’ত থাকো
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত

ৰাতি ৰাতি...

(Music)

দুখৰ বিষৰ চেনেহবোৰো
উবুৰিয়াই দিয়া
তুমিতো এনেকুৱাই
বোকাত পদুম ফুলাৰ দৰেই
জুবুৰিয়াই দিয়া
ফুলি আছোঁ তেনেকুৱাই
নাজানো ক’ত তুমি থাকা
নাজানা মই ক’ত থাকো
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত

ৰাতি ৰাতি... 

No comments:

Post a Comment