Monday 2 December 2019

গুলজাৰ ( ৰাজুমুকুট থিয়েটাৰ ২০১৯-২০) - পাপন


ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ
যুগে যুগে বৈ উজলিনো ৰওক
প্ৰণয় কাহিনী আমাৰ
তুমি মোৰ... মোৰ বুলি কওঁ
কাণে কাণে পখিলাবোৰক
জোনাকৰে তৰাবোৰক
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱা ঐ
ঠিকনা সপোনৰ তোমাতেই

(Music)

তুমি কাষত ৰ’লে
মোৰ হেঁপাহৰে অনুৰণন শুনা পাওঁ
তোমাৰ অভিমান ভাঙোতে
প্ৰেমৰে ব্যাকৰণ পাহৰি যাওঁ
তোমাৰ মৰম মোৰ চাৰিসীমা
পৰিধি তুমি মোৰ
তোমাকে লৈ জীৱনৰ বালিভেটা
ধেমালিতো নহ’বা তুমি দূৰ
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱা ঐ
ঠিকনা সপোনৰ তোমাতেই
ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ

(Music)

তুমি নহ’লে নিজৰে পৰিচয়
বিচাৰিচোন মই নাপাওঁ
তুমি বিনে মই চিনাকি পৃথিৱীখন
বিচাৰিচোন ক’তো নাপাওঁ
তোমাৰ মৰম মোৰ চাৰিসীমা
পৰিধি তুমি মোৰ
তোমাকে লৈ জীৱনৰ বালিভেটা
ধেমালিতো নহ’বা তুমি দূৰ
যাওঁ... তুমি যোৱা বাটে
নানা অজুহাতে
ঠিকনা সপোনৰ তোমাতেই
তুমি... আবেলিৰে ছাঁ হৈ
বুকুতে ৰোৱা ঐ
ঠিকনা সপোনৰ তোমাতেই

ৰঙে গুলজাৰ আশাৰে জোৱাৰ
বুকুতে তুমি বাৰে বাৰ...

তোমাৰ উশাহতে - নীল আকাশ - Tumar Uxahote by Neel Akash

মনতে আজি মোৰ কিহৰে শিহৰণ জাগে
এমুঠি সপোনে ক’ত উৰা মাৰে
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে
অ’ উমলি উভতি আহে
কুকিলি উভৰি উঠে
অ’ উকা ৰাতিৰো থাকে অলেখ ভাষা
অ’ তোমাক দেখি মোৰ জাগে মায়াবী আশা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি জানা নে নাজানা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি বুজা নে নুবুজা

(Music)

একোলা দুকোলাকৈ বাঢ়ি অহা মৰম
চেনেহী অ’ তুমি মোৰে সাঁথৰ
অ’ ৰাতি ৰাতি মোৰে গাৰু শিতানৰ
কোমলকৈ আঙুলিৰ উমাল পৰশ
অ’ উমলি উভতি আহে
কুকিলি উভৰি উঠে
অ’ উকা ৰাতিৰো থাকে অলেখ ভাষা
অ’ তোমাক দেখি মোৰ জাগে মায়াবী আশা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি জানা নে নাজানা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি বুজা নে নুবুজা

চিলা - মন্টুমণি শইকীয়া - Sila by Montumoni

তুমি মোৰ বুকুতে
গোপনে গোপনে আহি সোমালাহি
তুমি মোৰ হিয়াতে
কিনো মৰম দিয়া ধালি
তুমি মোৰ জান ঐ
কোনে কোনে উৰালে চিলাখন আজি
কোনে কোনে উৰালে চিলাখন আজি
কোনে কোনে উৰালে চিলাখন আজি
কোনে কোনে উৰালে চিলাখন আজি

(Music)

তুমি মোৰ বুকুৰ মাজতে ফুলা
উতলা ফাগুনৰ ৰঙা পলাশ
তুমি মোৰ বুকুৰ মাজতে ফুলা
উতলা ফাগুনৰ ৰঙা পলাশ
ৰঙালা এবুকু অনুভূতি
ধালি দিলা প্ৰেমৰে সুবাস
লাহে লাহে বাঢ়িছে
তোমালৈ জানা মৰমৰে নৈ
তুমি মোৰ জান ঐ...

(Music)

শুকুলা ডাৱৰে ৰ’দালিতে
আঁকে যেন তোমাৰে ছবিটিকে
শুকুলা ডাৱৰে ৰ’দালিতে
আঁকে যেন তোমাৰে ছবিটিকে
উৰি যোৱা পখীয়েও থমকি ৰৈ
চুমেহি তোমাৰ দুগালকে
মোৰো মন তোমাকে 
দুবাহুকে সামৰি থ’বলৈ
তুমি মোৰ বুকুতে
গোপনে গোপনে আহি সোমালাহি...

ৰাতি ৰাতি (ৰত্নাকৰ) - Rati Rati by Zubeen Garg


ৰাতি ৰাতি সোণ মোৰ সপোনবোৰে
খেদি খেদি মোক আকৌ শুই পৰে
পোহৰ পোহৰ মোৰ প্ৰতিটো পুৱা জাগে
তোমাৰ কথা ভাবি তোমালেই লৰ মাৰে
নাজানো ক’ত তুমি থাকা
নাজানা মই ক’ত থাকো
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত

ৰাতি ৰাতি...

(Music)

নিথৰ ৰাতি তোমাৰ বুকুৰ
শব্দ শুনো মই
তুমি চাগে এনেকুৱাই
এন্ধাৰ ৰাতি জোনাক পথত
খোজে খোজে মই
তুমি চাগে এনেকুৱাই
নাজানো ক’ত তুমি থাকা
নাজানা মই ক’ত থাকো
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত

ৰাতি ৰাতি...

(Music)

দুখৰ বিষৰ চেনেহবোৰো
উবুৰিয়াই দিয়া
তুমিতো এনেকুৱাই
বোকাত পদুম ফুলাৰ দৰেই
জুবুৰিয়াই দিয়া
ফুলি আছোঁ তেনেকুৱাই
নাজানো ক’ত তুমি থাকা
নাজানা মই ক’ত থাকো
জানো মাথোঁ আমি থাকোঁ সপোন ভাঁজত

ৰাতি ৰাতি... 

Friday 27 July 2018

ভগৱান - প্ৰাগজ্যোতিষ থিয়েটাৰ ২০১৮-১৯ [ Bhagawan- Pragjyotish Theatre 2018-19 ]


যদা যদা হি ধর্মস্য গ্লানির্ভবতি ভাৰত।
অভ্যুত্থানমধর্মস্য তদাত্মানং সৃজাম্যহম্॥ 
পৰিত্রাণায় সাধুনাং বিনাশয় চ দুষ্কৃতাং।
ধর্মসংস্থাপনার্থায় সম্ভবামি যুগে যুগে॥


চৌদিশ এন্ধাৰ মানৱৰ হাহাকাৰ
চৌদিশ এন্ধাৰ মানৱৰ হাহাকাৰ
দানৱৰ মাতাল হাঁহি
চিন্তা- চেতনা আৰু মানৱতা
আবেগত গ’ল উটি ভাঁহি
অসহায়... নিৰূপায়
যেন মই নিষ্প্ৰাণ
আল্লা ঈশ্বৰ... অঁ মই ভগৱান
মই ভগবান, কিয় মই ভগৱান
মই ভগবান, কিয় মই ভগৱান

( Music )

চকুলো সেমেকিছে উদং পথাৰ
কৃষকৰ তেজ ঘামত নাই অৰ্থ
শ্ৰমিকৰ ভোকবোৰৰ নাই ঠিকনা
জাত-পাতকে লৈ মহাৰাজ ব্যস্ত
ঘোষকৰ কত যে কিমান নাম
ৰাইজৰ বাবে হেনো তেৰাই ভগৱান
মই ভগবান, কিয় মই ভগৱান
মই ভগবান, কিয় মই ভগৱান

( Music )

ৰাজধানীত এতিয়া কাৰবালাৰহে জিত
ঠিক কৰে ক’ত মই মন্দিৰ নে মছজিদ
মদিৰাৰ নিচাৰে লিখে মোৰ ঠিকনা
থৰ হৈ চাই থাকে আজিৰ মহাত্মা
আল্লা ঈশ্বৰ কি হ’ব মোৰ নাম
ঠিক কৰে সিঁহতে যদিও
ময়েই ভগৱান...
মই ভগবান, কিয় মই ভগৱান
মই ভগবান, কিয় মই ভগৱান


অ’ প্ৰিয়া - হেঙুল থিয়েটাৰ ২০১৮-১৯ [ O Priya - Hengul Theatre 2018-19 ]


জীৱনে যদি হাঁহিৰ ৰং চায়
খোজে প্ৰতি যদি বাট হেৰুৱায়
জী থকা মানে মুঠি মাৰি থ’ম
ৰ’দে-বৰষুণে আমি আমাক
অ’ প্ৰিয়া তুমিয়েই গুণগুণ
তোমাৰ বুকুতে জিৰণি ল’ম
অ’ প্ৰিয়া তুমিয়েই ৰুণজুন
তোমাৰ কোলাতে একোলা শুম
জীৱনে যদি হাঁহিৰ ৰং চায়
খোজে প্ৰতি যদি বাট হেৰুৱায়
জী থকা মানে মুঠি মাৰি থ’ম
ৰ’দে-বৰষুণে আমি আমাক

(Music)


প্ৰেম মানে জানো মিঠা কথা
প্ৰেম মানে দুটি মন এক হোৱা
প্ৰেম জানো মাথোঁ দিয়া-লোৱা
প্ৰেম মানে ছাঁয়া হৈ ৰোৱা
অ’ প্ৰিয়া মোৰ গান হোৱানা
চকুৱে চকুৱে বোৱাই দিয়া
অ’ প্ৰিয়া তুমি জোন হোৱানা
এন্ধাৰতো জ্বলি পোহৰ দিয়া

অ’............

বন্দুকৰ কবিতা - হেঙুল থিয়েটাৰ ২০১৮-১৯ [ Bondookor Kobita - Hengul Theatre 2018-19 ]

বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা
(Music)

কলিজা কলিজা মোৰ ৰঙা পৰে
আঁতৰি তোমাৰ পৰা দূৰলে...
য’তে আছোঁ আজি মই তুমিও আছা
পৰিচয় তুমিয়েই মোৰ তুমিও জানা
বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা

(Music)


তোমাক প্ৰণয় মোৰ শিৰে শিৰে বয়
গতি সময়ৰ থমকি ৰয়
সপোন বনাম যেন কঁপালৰ ৰেখা
তথাপি মৰম হয় যুগমীয়া
বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা

(Music)

মনৰ কথাবোৰ উৰি উৰি যায়
শুনাব তোমাক যদি লগ পায়
এই যে জীৱন মোৰ আছোঁ কঢ়িয়াই
তোমাৰ মৰমবোৰ বুকুত ছঁটিয়াই
বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা