Monday, 2 December 2019

তোমাৰ উশাহতে - নীল আকাশ - Tumar Uxahote by Neel Akash

মনতে আজি মোৰ কিহৰে শিহৰণ জাগে
এমুঠি সপোনে ক’ত উৰা মাৰে
তুমিও বহিলাহি মোৰেই কাষতে
কিনো কওঁ আজি মই তোমাক নোকোৱাকে
অ’ উমলি উভতি আহে
কুকিলি উভৰি উঠে
অ’ উকা ৰাতিৰো থাকে অলেখ ভাষা
অ’ তোমাক দেখি মোৰ জাগে মায়াবী আশা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি জানা নে নাজানা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি বুজা নে নুবুজা

(Music)

একোলা দুকোলাকৈ বাঢ়ি অহা মৰম
চেনেহী অ’ তুমি মোৰে সাঁথৰ
অ’ ৰাতি ৰাতি মোৰে গাৰু শিতানৰ
কোমলকৈ আঙুলিৰ উমাল পৰশ
অ’ উমলি উভতি আহে
কুকিলি উভৰি উঠে
অ’ উকা ৰাতিৰো থাকে অলেখ ভাষা
অ’ তোমাক দেখি মোৰ জাগে মায়াবী আশা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি জানা নে নাজানা
তোমাৰ উশাহতে যে মই বিলীন হ’ম
তুমি বুজা নে নুবুজা

No comments:

Post a Comment