
কণমানি পুতলা কাণ পাতি শুনচোন
হিয়াৰে জুনুকা বাজিছে জুনজুন
কোনোবা আহিছে চাওঁগৈ ব’লচোন
পুতলা.... নতুন পুতলা
আশাৰ বতৰা আনিছা হ’বলা
সৰু সৰু চকুৰে কালৈনো চাইছা
মিচিক মাচাক হাঁহিৰে কাকেনো মাতিছা
(Music)
ভয় লাগে মোৰ ধেমালিবোৰলে
খং উঠে মোৰ সপোনবোৰলে
কিজানি হেৰায় ৰং জীৱনৰ
যদি জ্বলি যায় ঘৰ সপোনৰ
ভাঙিব কলিজা হ’মে মই পগলা
এৰি থৈ নাযাবা দেই...
মোৰ পুতলা
আৰু এৰি থৈ নাযাবা দেই পুতলা
সাজি দিম তোমালৈ মৰমৰ বাগিছা
চুটি চুটি চুলিৰে বোকোচাত খেলিছা
কণ কণ মাতেৰে কালৈ আদৰ যাচিছা
পুতলা.... নতুন পুতলা
আশাৰ বতৰা আনিছা হ’বলা
(Music)

বহুপৰ চিঞৰিলো হেৰুৱাৰ যাতনাত
বিচাৰো অকণ হাঁহিৰ ঠিকনা
বিচাৰো আঁকিব সুখৰ আল্পনা
ভাঙিব কলিজা হ’মে মই পগলা
এৰি থৈ নাযাবা দেই...
অ’ পুতলা...
টাটা বাই বাই নিদিবা দেই পুতলা
নহওঁ যে আৰু মই মৰমৰ পগলা
গুণগুণ গুণ গান এটি গোৱানা পুতলা
জুনজুন নাচ এটি নাচানা পুতলা
পুতলা.... নতুন পুতলা
আশাৰ বতৰা আনিছা হ’বলা
ধুনধুন মুনমুন গুণগুণ ৰুণজুণ
কণমানি পুতলা কাণ পাতি শুনচোন...
(এই গীতটিৰ ভিডিঅ’টিৰ বাবে তলৰ ইউটিউব লিংকটোত ক্লিক কৰক)
No comments:
Post a Comment