Wednesday, 25 July 2018

যাযাবৰী প্ৰিয়া - সূৰ্য থিয়েটাৰ ২০১৮-১৯ [ Jajabori Priya - Surya Theatre 2018-19 ]

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা

যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰে ছায়া
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম
জোনাকতো ৰ’ম আন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম
You Are Not Alone...
You Are Not Alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছায়া

(Music)

প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ
অ’..........
প্ৰতিটো নিশা চন্দ্ৰ তৰা সাৰথি হ’ব তোমাৰ
প্ৰতিটো পুৱা জীৱনজোৰা লগৰী হ’ম তোমাৰ
জীৱনতো ৰ’ম মৰণতো ৰ’ম
উজাৰি দিম জীৱন
তোমাৰে হ’ম কাষতে ৰ’ম
জনমে জনম...
You Are Not Alone...
You Are Not Alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছায়া

(Music)

জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে
অ’............
জীৱন ৰঙীন নহয় জানা ৰঙা ৰঙা সেন্দূৰে
জীৱন তোমাৰ ৰঙা কৰিম কলিজাৰ মৰমেৰে
সপোনতো ৰ’ম দিঠকতো ৰ’ম
তোমাতে বিলীন হ’ম
জোনাকতো ৰ’ম আন্ধাৰতো ৰ’ম
হিয়া ফালি দিম মৰম
You Are Not Alone...
You Are Not Alone...
যাযাবৰী প্ৰিয়া মোৰ বুকুতে ৰোৱানা
প্ৰতিপল প্ৰতিক্ষণ হৈ ৰ’ম তোমাৰ ছায়া



(এই গীতটিৰ ভিডিঅ’ৰ বাবে তলৰ ইউটিউব লিংকত ক্লিক কৰক)

No comments:

Post a Comment