Friday, 27 July 2018

বন্দুকৰ কবিতা - হেঙুল থিয়েটাৰ ২০১৮-১৯ [ Bondookor Kobita - Hengul Theatre 2018-19 ]

বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা
(Music)

কলিজা কলিজা মোৰ ৰঙা পৰে
আঁতৰি তোমাৰ পৰা দূৰলে...
য’তে আছোঁ আজি মই তুমিও আছা
পৰিচয় তুমিয়েই মোৰ তুমিও জানা
বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা

(Music)


তোমাক প্ৰণয় মোৰ শিৰে শিৰে বয়
গতি সময়ৰ থমকি ৰয়
সপোন বনাম যেন কঁপালৰ ৰেখা
তথাপি মৰম হয় যুগমীয়া
বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা

(Music)

মনৰ কথাবোৰ উৰি উৰি যায়
শুনাব তোমাক যদি লগ পায়
এই যে জীৱন মোৰ আছোঁ কঢ়িয়াই
তোমাৰ মৰমবোৰ বুকুত ছঁটিয়াই
বন্দুকেৰে লিখা যাবনে
দুখনি হিয়াৰে কবিতা
বাৰুদেৰে ভৰা বুকুতে
জ্বলেনে প্ৰেমৰ শলিতা



No comments:

Post a Comment