Wednesday, 25 July 2018

ক’ত মোৰ মা (100 Miles) - আৱাহন থিয়েটাৰ ২০১৮-১৯ [ Kot mur maa : 100 Miles - Abahon Theatre 2018-19 ]

IF U MISS THE TRAIN I'M ON
YOU WILL KNOW THAT I M GONE
YOU CAN HEAR THE WHISTLE BLOW
A HUNDRED MILES

A HUNDRED MILES, A HUNDRED MILES
A HUNDRED MILES, A HUNDRED MILES
YOU CAN HEAR THE WHISTLE BLOW
A HUNDRED MILES

খিৰিকীৰে পলকতে জুমি চাওঁ আকাশলে
জোনবাইক সুধিলো মই ক’ত মোৰ মা
ক’ত মোৰ মা, ক’ত মোৰ মা
পোৱানে খবৰ
ডাঁৱৰৰ আঁৰত আছেনে
তোমাৰ আদৰ

(Music)

শিৰাই শিৰাই বৈছে ঘাম
নালাগে মোক মৰমৰ দাম
মাথোঁ চাই দে এবাৰ মোক
মই তোৰ মা
মই তোৰ মা, মই তোৰ মা
পাৱনে খবৰ
তোৰ বাবেই পাহৰিলো
নিদ্ৰা ভাগৰ
ক’ত মোৰ মা, ক’ত মোৰ মা
পোৱানে খবৰ
ডাঁৱৰৰ আঁৰত আছেনে
তোমাৰ আদৰ

(Music)

সপোনতে দিঠকতে
ৰং-বিৰঙৰ ছবি আঁকোতে
ছবিখনক সুধিলো মই
ক’ত মোৰ মা
ক’ত মোৰ মা, ক’ত মোৰ মা
ক’তে মোৰ মা গ’ল আঁতৰি
ৰংবোৰত পাম নে মোৰ মাক বিচাৰি
পোৱা নোপোৱা মনৰে আশা
বুজা নুবুজা সপোনৰ ভাষা
ক’বলে খুজি ৰওঁ থমকি
ক’তেনো আছে মোৰ মা

(Music)

দিনবোৰ গ’ল ৰাতিও গ’ল
মাইনা মোৰ ডাঙৰেই হ’ল
চকুলে চাই মাতনা এবাৰ
মই তোৰ মা
তুমি মোৰ মা তুমি মোৰ মা
জানিছোঁ মই
মৰমৰ নৈত উৰিছে মোৰ
মাৰ হৃদয়
মই তোৰ মা, মই তোৰ মা
পাৱনে খবৰ
তোৰ বাবেই পাহৰিলো
নিদ্ৰা ভাগৰ


LORD I'M ONE LORD I'M TWO
LORD I'M THREE LORD I'M FOUR
LORD I'M FIVE HUNDRED MILES
AWAY FROM HOME
AWAY FROM HOME AWAY FROM HOME
AWAY FROM HOME AWAY FROM HOME
LORD I'M FIVE HUNDRED MILES
AWAY FROM HOME


(এই গীতটিৰ ভিডিঅ’ৰ বাবে তলৰ ইউটিউব লিংকত ক্লিক কৰক)

No comments:

Post a Comment